February 4, 2025 8:08 PM

views 27

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ...

February 4, 2025 8:04 PM

views 10

কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰে জেহাদী কাৰ্যকলাপৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত জিলাখনত অভিযান চলাই কালি নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি জেহাদী কাৰ্যকলাপ চলাই থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই গ্ৰেপ্তাৰ কৰা লোকজন নাছিম উদ্দিন এছ কে বুলি প্ৰকাশ কৰিছে। ধৃত নাছিম উদ্...

February 4, 2025 7:57 PM

views 38

আজি বিশ্ব কৰ্কট দিৱস

আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এইবছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে- United by Uni...

February 4, 2025 7:54 PM

views 22

ৰাজ্যৰ ১২,৩৭৫খন বিদ্যালয়ত গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ত আজি গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। গুণোৎসৱৰ আজি প্ৰথমদিনা বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা, মাটিয়া, দুধনৈ আৰু লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এহেজাৰ ৫৭৪ খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত ১ লাখ ৬৩ হাজাৰ ৮৭২ গৰাকী ...

February 4, 2025 7:34 PM

views 9

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত শিৱসাগৰত সজাগতা সভা

শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত আজি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু উদ্যোগ, বাণিজ্য কেন্দ্ৰৰ সহযোগত যুৱদলত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী শ্ৰী পেগুৱে ৰাজ্যৰ ব্যৱসায়িক সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগ...

February 4, 2025 7:27 PM

views 10

নতুন দিল্লীত এডভান্টেজ আছাম সন্মিলন সন্দৰ্ভত মন্ত্ৰী ড° এছ জয়শংকৰক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে দ্বিতীয়বাৰৰ বাবে আয়োজিত এডভান্টেজ আছাম সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰক নতুন দিল্লীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সন্মিলনলৈ আম...

February 4, 2025 7:20 PM

views 22

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি সামৰণি

নাট্যনগৰী পাঠশালাত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি পুৱা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে উদ্বোধন কৰা এই সন্মিলনত কেইবাটাও ছাত্ৰ স...

February 4, 2025 7:04 PM

views 10

৪০০গৰাকী পাকিস্তানবাসী হিন্দু আৰু শিখ লোকৰ চিতাভস্ম ভাৰতলৈ অনা হৈছে

যোৱা এক দশকৰো অধিক কালত মৃত্যু হোৱা ৪০০ পাকিস্তানবাসী হিন্দু আৰু শিখ লোকৰ চিতাভস্ম ভাৰতলৈ অনা হৈছে। আট্টাৰি-ৱাঘা যৌথ পহৰা চকীৰে অনা এই চিতাভস্ম হৰিদ্বাৰত গংগা নদীত বিসর্জন দিয়া হ'ব। এই চিতাভস্মখিনি গংগাত বিসৰ্জনৰ বাবে ২০১১ চনৰ পৰা পাকিস্তানৰ সংশ্লিষ্ট পৰিয়ালকেইটাই সংৰক্ষণ কৰি ৰাখিছিল ৷ পাঞ্জাব আৰক...

February 4, 2025 6:56 PM

views 9

ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ভাৰতৰ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰ বৰঙণি

ভাৰতে ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াইছে। এই বৰঙণি যোৱা বছৰৰ ৩১ ডিচেম্বৰত জমা দিয়া হয়। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছৰ মুখপাত্র ষ্টিফেন ডুজাৰিকে কালি এখন সংবাদমেলত ভাৰতৰ সময়ানুৱৰ্তী বৰঙণিৰ প্ৰশংসা কৰে।

February 4, 2025 6:52 PM

views 31

গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, যে প্রয়াত চোলাংকি তেওঁৰ সাধাৰণ জীৱন আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতি আগবঢ়োৱা কল্যাণমূলক সেৱাৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। শ্ৰী মোদীযে মৃতকৰ আত্মাৰ সদগতি কামনা কৰ...