February 7, 2025 9:10 PM

views 18

সৰুপেটাত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন

বজালী জিলাৰ সৰুপেটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫ খনকৈ নাটক মঞ্চস্থ হ'ব। সমাৰোহত আজি নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট ‘শংকৰ গুৰু আমাৰে' মঞ্চস্থ কৰা হ'ব। কাইলৈ মৃণ্ময় ভূঞাৰ ‘দ্রোণাচার্য শ্রী গুৰুৱে...

February 7, 2025 9:08 PM

views 23

জ্যোতি চিত্ৰবনত আজিৰে পৰা গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আজি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ হৈছে। আজি ফিলিপিন্‌ছৰ পৰিচালক কার্ল’ অবিস্প'ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ছবি প্ৰদৰ্শনৰ শুভাৰম্ভ হয়। বিয়লি ৫.৩০ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱা চাদ্দা, শ্ৰীলংকাৰ বিশিষ্ট পৰিচালক প্ৰচন্ন ভিথানাগে আৰু অসমৰ কেইব...

February 7, 2025 9:01 PM

views 16

কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ, ৰাজনীতিক, সমাজকর্মী ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন কৰে। মুখ্যমন্ত্ৰীৰ ১০ লাখ টকাৰ আৰ্থিক অনুদানেৰে এই ছহিদ বেদী আৰু প্ৰতিমূৰ্তি কৰা হ'ব। ইয়াৰ বাবে শ্ৰী দৈমা...

February 7, 2025 8:53 PM

views 25

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰ...

February 7, 2025 8:48 PM

views 18

ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ’ব

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্...

February 7, 2025 8:45 PM

views 27

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰিছে। লগতে তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াই ৰূপৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে ...

February 7, 2025 8:42 PM

views 34

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ ...

February 7, 2025 8:39 PM

views 20

পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

২০১০-১১ বৰ্ষত পর্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি গুৱাহাটীৰ পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলায়। তদাৰকি কোষে নিযুক্তি কেলেংকাৰীৰ তথ্য বিচাৰি পুৰণি ফাইলৰ সন্ধান কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধাপোছা কৰে। উল্লেখযোগ্য যে, ২০১০-১১ চনত কংগ্ৰেছ চ...

February 7, 2025 8:13 PM

views 23

পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ নৱজাগৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। পি এম শ্ৰী আঁচনিৰ অধীনত এই বিদ্যালয়খন ৰাষ্ট্ৰীয় আদৰ্শ উৎকর্ষতা বিদ...

February 7, 2025 6:57 PM

views 28

কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৩ দিনীয়া ভাৰত বোধ সন্মিলন মুকলি কৰে। ভাৰতৰ চহকী সভ্যতা সংস্কৃতিৰ গভীৰ অধ্যয়ন তথা বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত ইয়াৰ অৱদানৰ বিষয়ে পর্যালোচনা কৰিবলৈ দেশৰ কেইবাটাও আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠানে এই...