February 8, 2025 1:23 PM

views 22

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। এটা নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অহা ছমাহৰ ভিতৰত পুৰাতত্ব সমল, সত্যতা আৰু বিশুদ্ধতাৰ ভিত্ত...

February 8, 2025 1:22 PM

views 10

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা সজাতি দলৰ লিডু অঞ্চলৰ মূলাং পাহাৰৰ অবৈধ কয়লাক্ষেত্ৰ পৰিদৰ্শন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা বৃহস্পতিবাৰে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন সন্দৰ্ভত গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰাৰ পাছতে কালি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা সজাতি দলে লিডু অঞ্চলৰ মূলাং পাহাৰৰ অবৈধ কয়লাক্ষেত্ৰ পৰিদৰ্শন কৰে। বিভাগীয় বিষয়াৰ নেতৃ...

February 8, 2025 1:19 PM

views 23

ৰাজ্য চৰকাৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সালসলনি

ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ শেহতীয়াকৈ কিছু সালসলনি ঘটনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত কয়, যে ৰাজ্য চৰকাৰে বিশেষ বিবেচনাৰে এই বৰ্ষৰ নিয়মীয়া পাঠ্যক্ৰমৰ উপৰি উচ্চতৰ মাধ্...

February 8, 2025 1:17 PM

views 26

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ

সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ কৰে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী আৰু উচ্চতৰ মাধ্...

February 8, 2025 1:16 PM

views 20

আকাশবাণীত কাইলৈ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত তথাকথিত সৰু সৰু মানুহৰ জীৱন সংগ্ৰাম- তেওঁলোকৰ নিজ মুখেৰেই শুনিবলৈ পাব। অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিকল্পনা আকাশবাণীৰ বাতৰি বিভাগৰ মু...

February 8, 2025 1:13 PM

views 30

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব । আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্রহণ কৰিব। এই আলোচনাৰ আ...

February 8, 2025 1:12 PM

views 22

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লন বলত কালি অসমে তিনিটা পদক নিশ্চিত কৰিছে। নয়নমণি শ‍ইকীয়া আৰু বন্দিতা হাজৰিকাৰ মহিলাৰ ডাবলচ যুটীৰ লগতে পুৰুষৰ ছিংগলছত পুতুল সোণোৱাল তথা মেন ফৰ্চত বিতোপন ৰাভা, অমল টেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাওন্দে চেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি ৰাষ্ট্ৰীয় ক্রীড়া...

February 8, 2025 1:10 PM

views 32

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ সুকলমে অনুষ্ঠিত

ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ সুকলমে অনুষ্ঠিত হৈ যায়। দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বাবে এথলেটিকছ, ফুটবল, কাবাডী, ভলীবল, ডবা আৰু চাইক্লিং আদি শিতানত নাম পঞ্জীয়ন কৰা খেলুৱৈৰ সংখ্যা ৫৫ লাখলৈ বৃদ্ধি পাই...

February 8, 2025 12:56 PM

views 18

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি অব্যাহত

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাই আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি দিল্লীত টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষগৰাকীৰ সৈত...

February 8, 2025 12:54 PM

views 28

দুমাহৰ ভিতৰত গুৱাহাটীত ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা দুমাহৰ ভিতৰত গুৱাহাটীৰ অভিলাষী ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ পলাশবাৰীত আয়োজিত এটা অনুষ্ঠানত ড° শৰ্মাই কালি সাংবাদিকৰ আগত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে এই প্ৰকল্পৰ ঠিকাৰ বাবে আৱণ্টন দিয়াৰ কথা প্ৰকাশ কৰি কয়, যে অহা দুবছৰৰ ভিত...