February 15, 2025 11:42 AM

views 18

৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ সামৰণি; শীৰ্ষস্থানত ছাৰ্ভচেছ, ৩৪টা পদকেৰে ২৪সংখ্যক স্থানত অসম

উত্তৰাখণ্ডৰ হল্ডৱানীত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ কালি সামৰণি পৰে। এই ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জসহ মুঠ ৩৪টা পদকেৰে অসম পদক তালিকাৰ ২৪ সংখ্যক স্থানত থাকে। এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছাৰ্ভিচেছে ৬৮টা সোণ, ২৬টা ৰূপ আৰু ২৭ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২১ টা...

February 15, 2025 11:40 AM

views 14

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৫ দশমিক ১ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ দশমিক ৬ ডিগ্রী চেলছিয়াছৰ আশে-পাশে হ'ব পাৰে বুলি বৰঝাৰৰ ...

February 15, 2025 11:38 AM

views 36

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮-১৯ ফেব্ৰুৱাৰীত শৈক্ষিক মেলা

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে শৈক্ষিক মেলাৰ আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগীৰ বাবে উল্লেখযোগ্য হিচাপে আয়োজিত এই মেলাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ একত্ৰিত হ'ব। শৈক্ষিক মেলা ২০২...

February 15, 2025 11:37 AM

views 14

মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি, ক্ষমতা আহৰণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে দেশৰ নাৰী শক্তি আকাংক্ষা, উপলব্ধি আৰু অৱদানৰ বাবে আগবাঢ়ি গৈছে। ৰাষ্ট্ৰপতিয়ে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি কৰ্ণাটকৰ বেংগালুৰুত দা আৰ্ট অৱ লিভ...

February 15, 2025 11:36 AM

views 10

আমেৰিকা ভ্ৰমণ সামৰি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ আমন্ত্রণমৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি কালি নতুন দিল্লীত উপস্থিত হয়। ড’নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীমোদীৰ এয়া আছিল প্ৰথম আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ। এই ভ্রমণকালত প্রধানমন্ত্র...

February 15, 2025 11:35 AM

views 16

ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু গণতন্ত্ৰত মত প্ৰকাশৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। শ্রীধনখড়ে কালি মধ্যপ্রদেশ ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এক পেড় মা কে নাম অভিযানৰ অধীনত এটা গছপুৰি ...

February 15, 2025 11:34 AM

views 13

পাকিস্তানৰ হৰনাইৰ শ্বাহৰাগত বোমা বিস্ফোৰণত ১১জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱাল...

February 15, 2025 11:33 AM

views 8

ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰে এছ জয়শংককৰৰ দ্বিপাক্ষিক বার্তালাপৰ সম্ভাৱনা

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মাস্কটত ১৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া দুদিনীয়া ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে দ্বিপাক্ষিক বার্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। ওমানৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী...

February 15, 2025 11:32 AM

views 18

এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী-ল’ৰা দুয়োটা দল ছেমি ফাইনেলত

হংকঙত চলি থকা এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী আৰু ল'ৰা দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় ছোৱালী দলটোৱে পুল-বিত দ্বিতীয় স্থান দখল কৰি অন্তিম চাৰিটা দলত স্থান লাভ কৰিছে। পুল পৰ্যায়ত অনাহত সিঙে আটাইকেইখন খেলত জয়লাভ কৰে। ছোৱালী দলটোৱে আজি ছেমি ফাইনেলত ঘৰুৱা দল হং...

February 14, 2025 9:10 PM

views 33

দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১৮ অনুচ্ছেদৰ অধীনত শ্রীজৈনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচ...