২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰতি বিবেচনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ ৰাজ্যত ২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৬ মাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১৮ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে এখন জাননীযোগে এই নির্দেশ বন্ধ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা ৫৬ টা গোচৰ সন্দৰ্ভত ন্যায়াধীশ মাইকেল জোথানখোমাৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত ৰায় প্ৰদান কৰে।
সেই অনুসৰি ২০১৭ চনৰ পূৰ্বে মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ সন্তান নাইবা আত্মীয়ক যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনা কৰিবলৈ ন্যায়ালয়ে চৰকাৰক নির্দেশ দিয়ে। এই নিযুক্তিৰ বাবে ৬ মাহৰ সময়সীমাও বান্ধি দিয়া হৈছে। একেদৰে অনুকম্পামূলক আবেদন বিবেচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত আবেদনকাৰীক অৱগত কৰিবলৈও ন্যায়ালয়ে চৰকাৰক নির্দেশ দিছে।