কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সেউজ হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযানৰ সুযোগ সম্পৰ্কীয় এখন কর্মশালা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সেউজ হাইড্ৰ’জেনৰ উৎপাদনৰ বাবে প্রযুক্তি বিকশাই তোলাৰ বাবে সহযোগিতাৰে কাম কৰিবলৈ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ প্ৰতি আহ্বান জনায়। শ্রীযোশীয়ে কয়, যে খণ্ডটোৰ দেশক নৱীকৰণ শক্তিৰ দিশে আগবঢ়াই নিয়াৰ বাবে নতুন প্ৰযুক্তিগত অৱধাৰণা আৰু সেউজ হাইড্ৰ’জেনৰ উৎপাদনৰ বাবে সহযোগিতা আগবঢ়োৱাৰ অপাৰ শক্তি আছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেউজ হাইড্ৰ’জেন প্রমাণীকৰণ আঁচনি মুকলি কৰে। শ্ৰীযোশীয়ে কয়, যে ভাৰতে ৪ লাখ ১২ হাজাৰ টন সেউজ হাইড্ৰ’জেন লব্ধ পদাৰ্থৰ বাবে জাপানৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে। মন্ত্ৰ্যালয়ে ২০৩০ চনৰ ভিতৰত এই পৰিমাণ ৫ লাখ মেট্রিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।
Site Admin | April 29, 2025 8:00 PM | Green Hydrogen
সেউজ হাইড্ৰজেন ভৱিষ্যতৰ ইন্ধন : শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী
