বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে প্ৰদৰ্শনৰ ৰাজনীতি আনি দায়িত্বশীল আৰু সঁহাৰিজনক চৰকাৰ উপহাৰ দি দেশৰ ৰাজনৈতিক সংস্কৃতি সলনি কৰিছে। মোডী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি শ্ৰী নাড্ডাই কয় যে এই চৰকাৰে দেশৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰিছে। শ্ৰী নাড্ডাই কেন্দ্ৰৰ এন ডি এ চৰকাৰক সাহসী সিদ্ধান্ত লোৱা এখন ফলপ্রসূ চৰকাৰ বুলি অভিহিত কৰে। তেওঁ কয় ই এখন জননেতৃত্বাধীন চৰকাৰ আৰু ই স্বচ্ছতাৰ এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয় যে বিগত ১১ বছৰত মোডী চৰকাৰে বিকশিত ভাৰতৰ ভেটি স্থাপন কৰিছে৷ শ্ৰী নাড্ডাই অভিযোগ কৰে যে ২০১৪ চনৰ আগৰ পূৰ্বৰ চৰকাৰখন দুৰ্নীতিৰ সৈতে জড়িত আছিল আৰু লগতে নেতিবাচকতাৰ পৰিৱেশও আছিল। তেওঁ কয়, ২০১৪ চনৰ পিছত এই কথা সলনি হৈছে আৰু দেশত আশাবাদৰ ভাৱ দেখা গৈছে।
Site Admin | June 9, 2025 6:54 PM | J P Nadda Meeting
মোডী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত নতুন দিল্লীত মন্ত্ৰী জে পি নাড্ডাৰ সংবাদমেল
