মানস ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ চোৰাং চিকাৰৰ সৈতে জড়িত ৩ জন লোকক চিৰাং আৰক্ষীয়ে আটক কৰিছে

মানস ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ চোৰাং চিকাৰৰ সৈতে জড়িত ৩ জন লোকক চিৰাং আৰক্ষীয়ে আটক কৰিছে। যোৱা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ চোৰাং চিকাৰৰ ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ৪৮ ঘণ্টাৰ ভিতৰত লোককেইজনক আটক কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে চোৰাং চিকাৰীকেইজনৰ পৰা দুটা এছ বি এম এল বন্দুক, ভালেখিনি গুলী-বাৰুন্দ আৰু ৱাকি-টকিকে ধৰি ভালেমান আপত্তিজনক সামগ্রী উদ্ধাৰ কৰে। আৰক্ষীয়ে লগতে তথ্য প্ৰমাণৰ ভিত্তিত দুটা হাতীৰ দাঁত জব্দ কৰে।