January 23, 2026 4:13 PM

views 18

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন

■ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত অনুষ্ঠিত এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব।

January 13, 2026 6:38 PM

views 22

২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে “মানাহ মহোৎসৱ”ৰ আয়োজন

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগনত "মানাহ মহোৎসৱ" ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মানাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ তির্কীয়ে আজি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে। কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত এই মহোৎসৱৰ লাইখুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়। উল্লেখ্য য়ে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পর্যটকসকলৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে এই মহোৎসৱৰ আয়োজন কৰা হয়। এই মহোৎসৱত উদ্যা...

June 10, 2025 12:43 PM

views 33

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত এক কোটি ৭৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজহ সংগ্রহ যথেষ্ট বৃদ্ধি পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত উদ্যানখনৰ পৰা এক কোটি ৭৩ লাখতকৈও অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত ৬০ হাজাৰ ৯১২ গৰাকী ঘৰুৱা আৰু তিনি হাজাৰ ৪২৬ গৰাকী বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিছে। ২০২৩-২৪ বৰ্ষত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় এক কোটি ৪০ লাখ। এই সময়ছোৱাত ৫০ হাজাৰ ৫১৫ গৰাকী ঘৰুৱা আৰু এহেজাৰ ৮১৬ গৰাকী বিদেশী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ২০২২-২৩ বৰ্ষত ৫৫ হাজাৰ ২...

May 5, 2025 7:54 PM

views 32

মানস ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ চোৰাং চিকাৰৰ সৈতে জড়িত ৩ জন লোকক চিৰাং আৰক্ষীয়ে আটক কৰিছে

মানস ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ চোৰাং চিকাৰৰ সৈতে জড়িত ৩ জন লোকক চিৰাং আৰক্ষীয়ে আটক কৰিছে। যোৱা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ চোৰাং চিকাৰৰ ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ৪৮ ঘণ্টাৰ ভিতৰত লোককেইজনক আটক কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে চোৰাং চিকাৰীকেইজনৰ পৰা দুটা এছ বি এম এল বন্দুক, ভালেখিনি গুলী-বাৰুন্দ আৰু ৱাকি-টকিকে ধৰি ভালেমান আপত্তিজনক সামগ্রী উদ্ধাৰ কৰে। আৰক্ষীয়ে লগতে তথ্য প্ৰমাণৰ ভিত্তিত দুটা হাতীৰ দাঁত জব্দ কৰে।

January 15, 2025 6:57 PM

views 32

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ লাইখুঁটা স্থাপন

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ প্ৰস্তুতি চলি আছে। ২৫ জানুৱাৰীৰ পৰা ছদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া এই মহোৎসৱৰ লাইখুঁটা আজি স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মহোৎসৱৰ সময়ছোৱাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃতিৰ সমাহাৰ, থলুৱা খাদ্য, পৰম্পৰাগত নৃত্য-গীত, আলোচনাচক্র, বাণিজ্য মেলা আৰু বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি উদ্যোক্তা সমিতিয়ে ...

June 25, 2024 8:37 PM

views 24

মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযানত ২ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

বন বিভাগে মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযান চলাই দুটাকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কালিচৰণ বসুমতাৰী আৰু মাইছৰাং গয়াৰীৰ ঘৰত অভিযান চলাই বিভাগে চিকাৰত ব্যৱহাৰ দুটা হস্তনির্মিত বন্দুক, বন্দুকৰ কুণ্ডা, মৃত হৰিণাৰ শিং, কেটেলা পহুৰ কাঁইট, গুলী তৈয়াৰ কৰা যন্ত্ৰ, কিছু পৰিমাণৰ বিস্ফোৰক, ধনু কাঁড় আদি উদ্ধাৰ কৰে।

June 21, 2024 12:58 PM

views 30

পৰ্যটকৰ বাবে কালিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হয়। উল্লেখযোগ্য যে ২০২৩-২৪ পর্যটন বৰ্ষত মানস ৰাষ্ট্ৰীয...

June 1, 2024 6:16 PM

views 24

চলিত পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পর্যটন বৰ্ষৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্রকাশ কৰা মতে, এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্রবেশদ্বাৰ ৫ জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছিল। বাৰিষাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল যদিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ লগতে বাট-পথ সূচল হৈ থকালৈ লক্ষ্য ৰাখি জীপ চাফাৰীৰ সুবিধা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ প...

May 8, 2024 12:07 PM

views 26

২০ মে’ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে'ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলিও উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।

May 6, 2024 1:34 PM

views 49

২০ মে’ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ

♦ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে’ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পর্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলিও উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।