একবিংশ শতিকাৰ প্ৰয়োজন পূৰাব পৰাকৈ চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে চৰকাৰে দেশৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ বিশ্বমানৰ শিক্ষাৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত য়ুগ্ম সন্মিলনত ভাষণ দি প্রধানমন্ত্রীয়ে এই কথা প্রকাশ কৰে। উল্লেখযোগ্য যে চৰকাৰ, শৈক্ষিক ক্ষেত্র, উদ্যোগ তথা, উদ্ভাৱনৰ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক লৈ প্ৰথমবাৰৰ বাবে যুগ্ম শীর্ষক কৌশলগত সন্মিলনৰ আয়োজন কৰা হৈছে। দেশৰ ভৱিষ্যত ইয়াৰ যুৱচামৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে নতুন শিক্ষানীতিয়ে দেশৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিছে বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, যে প্ৰতিভা, প্ৰকৃতি আৰু প্ৰযুক্তিৰ সংশ্রণে ভাৰতৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব।
ভাৰতৰ বিশ্ববিদ্যালয়ৰ চৌহদসমূহ প্ৰতিভা বিকাশৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ‘এখন ৰাষ্ট্ৰ, এটা সদস্যপদ’ ব্যৱস্থাই প্ৰতিগৰাকী শিক্ষার্থীকে বিশ্বমানৰ জ্ঞান লাভ কৰাত সহায় কৰিছে। তেওঁ কয়, যে এই বছৰৰ বাজেটত চৰকাৰে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান – আই আই টিৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। আই আই টি আৰু এইমছৰ সহযোগত ভালেসংখ্যক মেডিটেক পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে। তেওঁ সময়মতে এই যাত্রা সম্পূর্ণ কৰি ভৱিষ্যত প্ৰযুক্তিৰ বাবে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিং উপস্থিত থাকে।
Site Admin | April 29, 2025 6:07 PM | PM Education
দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
