ডাউনলোড
মোবাইল এপ

android apple
signal

খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছেঃ কেন্দ্ৰীয় মন্ত্রী চিৰাগ পাছৱান

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী চিৰাগ পাছৱানে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয় যে, বিহাৰৰ খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত লোকসকলে বিকশিত ভাৰত অভিযানত অৰিহণা যোগাব পাৰিব। পাটনাৰ জ্ঞান ভৱনত আয়োজিত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু বিক্রেতা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
পাছৱানে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণৰ এই খণ্ডত যুৱক-যুৱতীসকলৰ বাবে বহুতো সুযোগ আছে, এই খণ্ডত যোগদান কৰি তেওঁলোকে চাকৰি বিচৰাৰ পৰিৱৰ্তে আনৰ বাবে চাকৰি সৃষ্টি কৰিব পাৰিব। শ্ৰী পাছৱানে কয় যে এই খণ্ডত উন্নত পৰিৱেশ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হাতে হাত ধৰি একেলগে কাম কৰাৰ প্ৰয়োজন আছে। বিহাৰৰ উন্নত পৰিৱেশৰ বাবে কেৱল ভাৰতৰে নহয় বহুতো আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীও ইয়াত বিনিয়োগ কৰিবলৈ সাজু হৈছে। ইয়াৰ বাবে তেওঁ বিহাৰৰ উন্নত বিমান সংযোগৰ প্ৰশংসা কৰিছে। শ্ৰী পাছৱানে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত ৰপ্তানি বৃদ্ধি কৰাৰ জৰিয়তে ভাৰতে বিদেশী মুদ্রাও লাভ কৰিব। উল্লেখযোগ্য যে, এই উদ্বোধনী অনুষ্ঠানত বিহাৰৰ উপ-ৰাজ্যপাল বিজয় কুমাৰ সিনহা আৰু উদ্যোগ মন্ত্রী নিতীশ মিশ্রও উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক