এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বান বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰ, এটা নির্বাচন শীর্ষক ছাত্ৰ সন্মিলনৰ ভাষনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে, লোকসভা আৰু বিধান সভাৰ পৃথক পৃথক নির্বাচনে দেশৰ উন্নয়নত বাধা দিছে। দেশৰ নাগৰিকসকলে নিৰ্বাচনৰ ঘনত্ব বিবেচনা কৰা উচিত, কাৰণ নিৰ্বাচনত তেওঁলোকৰ মূল্যৱান সময় আৰু প্ৰচুৰ অৰ্থৰ ব্যয় হয় বুলিও মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
শ্রী চৌহানে যুক্তি আগবঢ়াইছে যে পৃথকে পৃথকে হোৱা নিৰ্বাচনসমূহে দেশৰ প্ৰগতিত বাধা দিয়ে। তেওঁ কয় যে প্রধানমন্ত্ৰীৰ পৰা কেবিনেট মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈকে সকলোৱে নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে ব্যস্ত হৈ পৰে, যাৰ ফলত উন্নয়নমূলক কাম-কাজ বন্ধ হৈ পৰে৷ এই অনুষ্ঠানতে কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াই ভাষণ প্ৰসংগত বিকশিত ভাৰতত যুৱচামৰ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উদ্দেশ্যৰ বাবে এক লাখ যুৱ নেতা গঢ়ি তোলাৰ লক্ষ্য লৈছে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি দৃঢ়তাৰে কয় যে ভাৰতৰ ভৱিষ্যত প্ৰজন্মই মনত ৰাখিব লগীয়া এই পদক্ষেপ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ।
Site Admin | April 23, 2025 8:26 PM | Akashvani News | One Nation One Election | Sivraj Singh Chouhan
এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বানঃ শিৱৰাজ সিং চৌহান
