June 8, 2026 5:47 PM
9
ভাৰতে কাইলৈৰ পৰা ১৩ জুনলৈ মধ্যপ্ৰদেশৰ ইণ্ডোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ বৈঠকৰ আয়োজন কৰিছে
ভাৰতে অহা কাইলৈৰ পৰা ১৩ জুনলৈ মধ্যপ্ৰদেশৰ ইণ্ডোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। ভূপালত আজি এখন সংবাদমেল সম্বোধন কৰি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতৰ চলিত বছৰত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা সূত্রে এই বৈঠকসমূহৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে সম্প্ৰতি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী শক্তিশালী গোলকীয় মঞ্চ হিচাপে পৰিগণিত হৈছে। ব্ৰিকছ ৰাষ্ট্ৰসমূহে বিশ্বৰ কৃষি ভূমিৰ ৪২ শতাংশ অধিকাৰ কৰি আছে আৰু গোলকীয় খাদ্য উৎপাদনৰ ৪৫ শতাংশ বৰঙণি যোগাই আহিছে। শ্রীচ...