অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত সাতোঁৰাৰ সময়ত আজি দুপৰীয়া জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে। তেওঁক ততালিকে ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়া হয়। চিকিৎসকসকলে তেওঁক বচাবলৈ চলোৱা সকলো প্রচেষ্টা ব্যর্থ হয় আৰু ভাৰতীয় সময় অনুসৰি দিনৰ ২ বাজি ৪৫ মিনিটত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে।
তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াই নহয়, বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে। প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ হৈ পৰিছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ শিল্পীগৰাকীৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ সৈতে কথাবতৰা হৈছে বুলি জনাইছে।
প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু, সাংসদ গৌৰৱ গগৈ, বলিউদৰ বিশিষ্ট গায়ক, সংগীত পৰিচালক প্রীতম, জুবিন নটিয়ালকে ধৰি অজস্ৰ গুণমুগ্ধই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি আজি সন্ধিয়া সমগ্ৰ ৰাজ্যতে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিব। বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
হোজাই জিলা বাৰ্তাজীৱি সংঘই শিল্পীগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
অসমীয়া সংগীত জগতত বৰ্ণিল যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। ১৯৯২ চনত অনামিকা এলবামেৰে সংগীত যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গে নৱপ্ৰজন্মক পুনৰ অসমীয়া আধুনিক গীতৰ অনুৰাগী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বঙালী ছবি শুধু তুমিৰ বাবে ২০০৫ চনত তেওঁ শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। ২০০৭ চনত হিন্দী ছবি গেংষ্টাৰৰ য়া আলী শীৰ্ষক গীতটোৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তদুপৰি ইংৰাজী- খাচী ছবি ইক’জ অব ছাইলেন্স ছবিৰ বাবে তেওঁ শ্রেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেচাঁ অসম বঁটা আগবঢ়োৱা হয়। সংগীতৰ মহান পূজাৰীগৰাকীৰ মৃত্যুত আমি শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।