জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে তিনি নৱেম্বৰৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিল। আজি বিয়লি চাৰি বজা পর্যন্ত, ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বহুকেইটা দল- সংগঠন তথা কেইবাগৰাকী ব্যক্তিসহ মুঠ ৩৯খন শপতনামা তথা সাক্ষ্য গ্রহণ কৰে। ন্যায়িক আয়োগে তিনি নৱেম্বৰৰ পৰা আজিৰ দিনটোলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথ্য দাখিলৰ বাবে সময়সীমা বান্ধি দিছিল। আজি অন্তিম দিনটোত শিলচৰৰ গৱেষক ছাত্র অসীম হাজৰিকা, কৃষক মুক্তি সংগ্ৰাম সিমিতিৰ প্ৰতিনিধি, যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, বজালীৰ এজন প্ৰাক্তন সৈনিকৰ লগতে প্ৰাঞ্জল শৰ্মা আৰু ঋত্বিক শইকীয়া নামৰ এজন লোকে শপতনামা দাখিল কৰে। ন্যায়িক আয়োগত আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ হৈ ঋতম সিঙে অন্তিমখন শপতনামা দাখিল কৰে ।
Site Admin | November 21, 2025 8:03 PM | Zubeen Garg
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্যগ্রহণ প্ৰক্ৰিয়াৰ অন্ত