December 22, 2025 11:57 AM | zubeen court

printer

কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি শুনানি গ্ৰহণ কৰা হ’ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাক্সা আৰু হাফলঙৰ কাৰাগাৰত বন্দী হৈ থকা সাতজন অভিযুক্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে যোৱা ১৬ ডিচেম্বৰত সমগ্ৰ বিষয়টো বিচাৰৰ বাবে ছেছন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।