December 22, 2025 11:57 AM

views 14

কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি শুনানি গ্ৰহণ কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাক্সা আৰু হাফলঙৰ কাৰাগাৰত বন্দী হৈ থকা সাতজন অভিযুক্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে যোৱা ১৬ ডিচেম্বৰত সমগ্ৰ বিষয়টো বিচাৰৰ বাবে ছেছন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে।

December 15, 2025 6:29 PM

views 16

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ'ব। আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। সেয়েহে কাইলৈৰ গুনানিৰ বাবে আদালতত ৭ অভিযুক্তকে নিয়ম অনুসৰি হাজিৰ কৰাব লাগে। অসম আৰক্ষী অভিযুক্তকেইগৰাকীৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতত অভিযুক্তসকলক ভার্চুৱেলী হাজিৰ কৰোৱাৰ সুবিধা দিয়াৰ বাবে আবেদনমূলক প্রার্থনা জনাইছে। অৱশ্যে আদালতে এতিয়ালৈ...