ডাউনলোড
মোবাইল এপ

android apple
signal

June 21, 2025 12:35 PM | yoga cm all assam

printer

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোগ দিৱসৰ কাৰ্যসূচী, বাক্সাৰ শালবাৰীত মুখ্যমুন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ৰাজ্যত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে ৷ উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ ৪৩৪ টা সাংগঠনিক মণ্ডলত যোগ দিৱসৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই গুৱাহাটী মহানগৰৰ ৰাজধানী মণ্ডল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে দিছপুৰ মণ্ডলত তথা অন্যান্য মন্ত্রী, সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ নেতৃবৃন্দই ভিন ভিন স্থানত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত গুৱাহাটী ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচার্য যতীন গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিশেষজ্ঞ প্রশিক্ষকৰ দ্বাৰা বিভিন্ন যোগ কৌশল প্ৰদৰ্শন কৰা হয়। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হয়৷ বৰপেটা জিলাত যোগ দিৱস উপলক্ষে পুৱা সমূহীয়া যোগাভ্যাস কৰা হৈছে। এই কাৰ্যসূচীত যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত স্বেচ্ছামূলকভাৱে কাম কৰি থকা জিলাখনৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু অন্যান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত মিৰ্জাৰ শ্বহীদ ভৱনত এই দিৱস উদযাপন কৰা হৈছে। একেদৰে শিলচৰ, গোৱালপাৰা, বিশ্বনাথ, কলিয়াবৰকে ধৰি বিভিন্ন স্থানত যোগ দিৱস উপলক্ষে বিভিন্ন কার্যসূচী অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক