June 21, 2025 12:35 PM

views 11

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোগ দিৱসৰ কাৰ্যসূচী, বাক্সাৰ শালবাৰীত মুখ্যমুন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ৰাজ্যত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে ৷ উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ ৪৩৪ টা সাংগঠনিক মণ্ডলত যোগ দিৱসৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই গুৱাহাটী মহানগৰৰ ৰাজধানী মণ্ডল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে দিছপুৰ মণ্ডলত তথা অন্যান্য মন্ত্রী, সাংসদ, বিধায়ক আৰু জ্...