জ্যেষ্ঠ নাগৰিকৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ সজাগতাৰ বাবে আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আজিৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ সৈতে হোৱা আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস উদযাপন কৰা হয়। তদুপৰি সমাজৰ প্রতি জ্যেষ্ঠসকলৰ অৱদানক এই দিৱস পালনেৰে স্বীকৃতি দিয়াৰ প্ৰয়াস কৰা হয়। ভাৰতত এই দিৱস পালনে বিশেষ গুৰুত্ব বহন কৰিছে। ২০২০ চনত জনসংখ্যা সম্পৰ্কীয় এটা জৰীপৰ তথ্য অনুসৰি ২০৩১ চনলৈ দেশৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ১৯৩ নিযুতৰো অধিক হ’বগৈ। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই সংখ্যা আছিল ১০৩ নিযুত। মুঠ জনসংখ্যাৰ ভালেসংখ্যক লোক জ্যেষ্ঠ নাগৰিক হোৱা হেতুকে ভাৰতত এই লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধার্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অটল ৱায়ো অভ্যূদয় যোজনা চমুকৈ অব্যয়ৰ অধীনত গৃহহীন জ্যেষ্ঠ নাগৰিকৰ বাবে আশ্রয়গৃহ আৰু স্মৃতিভংশ ৰোগত আক্রান্ত জ্যেষ্ঠ নাগৰিকৰ বাবে যতন গৃহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ সহযোগত এই লোকসকলৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বিত্তীয় সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।