চীনৰ চেংডুত আজিৰে পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব গেমছ ২০২৫ত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১৮ জনীয়া দলটো সাজু হৈছে। ১৯৮১ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বিশ্ব গেমছত অলিম্পিকত অন্তৰ্ভূক্ত নোহোৱা ক্ৰীড়াসমূহ অন্তৰ্ভুক্ত কৰা হয়। এইবাৰৰ সংস্কৰণত ৩৪ বিধ খেলৰ ৬০টা ইভেণ্টত ২৫৩টা পদকৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
ভাৰতে ১৯৮১ চনৰ উদ্বোধনী সংস্কৰণৰ পৰাই বিশ্ব গেমছত অংশগ্ৰহণ কৰি বৰ্তমানলৈকে মুঠ ৫টা পদক লাভ কৰিছে। য’ত এটা সোন, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক আছে। দেশৰ একমাত্ৰ সোণৰ পদকটো ২০১৩ চনত আদিত্য মেহতাই বিলিয়াৰ্ডত লাভ কৰিছিল।
ভাৰতে এইবাৰ আৰ্চাৰী, বিলায়াৰ্ডছ, ৰোলাৰ্ছ স্কেটিং, উশ্বু আৰু ৰেকোৱেট বল এই পাঁচটা শিতানত অংশগ্ৰহণ কৰিব। ভাৰতীয় দলটোৱে এইবাৰ পদকৰ সংখ্যা বৃদ্ধিৰ বাবে চেষ্টা কৰিব।
 
									 
		 
									