আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’

♦ পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণ কৰিব বিচৰা ৰিলে দলসমূহৰ বাবে যোগ্যতা নির্ণয়কাৰী প্রতিযোগীতা- ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’ আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ২০২৩ চনৰ হাংঝু এছিয়ান গেমছৰ পুৰুষৰ 4×400 মিটাৰ ৰিলেৰ চেম্পিয়ন অলিম্পিয়ান আমোজ জেকব, মহম্মদ আনাছ ইয়াহিয়া, মহম্মদ আজমল আৰু ৰাজেশ ৰমেশে ভাৰতৰ নেতৃত্ব ল’ব। ভাৰতীয় মহিলাৰ চাৰি পুৰণ চাৰিশ মিটাৰ ৰিলে দলটো হাংঝু এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী বিথ্যা ৰামৰাজ, ঐচৰ্য্যা মিশ্র, প্রাচী আৰু সুভা ভেংকটেছনকে ধৰি মুঠ সাতগৰাকী খেলুৱৈৰে গঠিত। অভিজ্ঞ দৌৰবিদ এম আৰ পূভাম্মা, জ্যোতিকা শ্ৰীডাণ্ডী আৰু ৰূপলেও ভাৰতীয় মহিলা দলটোৰ হৈ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব। আজি আৰু কাইলৈ অৰ্থাত দুদিনীয়াকৈ বিশ্ব এথলেটিকছ ৰিলে ২০২৪ অনুষ্ঠিত কৰা হ’ব।