ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নতুন দিল্লীত আজি Wings To our Hopes ৰ দ্বিতীয় সংস্কৰণ মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ধিয়া নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে দিয়া ভাষণৰ আধাৰত প্ৰকাশিত গ্রন্থ Wings To our Hopes ৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। ৰাষ্ট্ৰপতিৰ ৫১টা ভাষণ সন্নিৱিষ্ট গ্ৰন্থখনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয় বৰ্ষৰ কাৰ্যকালত তেওঁৰ দৃষ্টিভংগী, দৰ্শন আৰু অগ্ৰাধিকাৰ প্ৰতিফলিত হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানো গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকিব। গ্রন্থখন হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ পোৱাৰ লগতে এটা ই-সংস্কৰণো উপলব্ধ হব।