গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ পৰা ৰাইজে পৰৱৰ্তী ২৪ ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। কাইলৈৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেইবাদিনো ধৰি বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কালি ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বোচ্চ ৩৮ দশমিক ৭ ডিগ্রী ছেলছিয়াছ উষ্ণতা ৰেকৰ্ড কৰা হয়। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা ৩৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছৰ আশে পাশে থাকিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ইপিনে, তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তাৰা চাহ বাগিচাত প্ৰচণ্ড গৰমৰ বাবে চাহ বাগিচাত কাম কৰি থকাৰ সময়তে কালি এজন শ্ৰমিকৰ মৃত্যু হয়। নতুনকৈ ৰোপণ কৰা চাহ বাগিচাৰ কাম কৰি থাকোতেই ঢলি পৰা শ্ৰমিকজনৰ ততালিকে বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত লোকজন চুনু চোৰেণ বুলি জানিব পৰা গৈছে।
Site Admin | June 14, 2025 11:56 AM | weather update assam
গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত কাইলৈৰ পৰা কেইবাদিনো ধৰি বৰষুণৰ সম্ভাৱনা