ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে’ত ভোটগ্রহণ

● মধ্যপ্ৰদেশত উজ্জয়ন, মান্দচাউৰ, ধাৰ, ইণ্ডোৰ, খাগান আৰু খানৱা লোকসভা সমষ্টিকে ধৰি মুঠ ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে’ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ মালোৱা, নিমাৰ অংশত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে ৰত্নাম আৰু ইণ্ডোৰত প্ৰচাৰ চলোৱাৰ লগতে মধ্যপ্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মাই দেৱজ আৰু ধাৰ্ড আৰু প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে উজ্জয়িনীত প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগবিজয় সিং, সঞ্জয় কাপুৰ, ৰাজ্যিক কংগ্ৰেছ সভাপতি জিতু পাটোৱাৰীৰ লগতে অন্যান্য দলীয় নেতাই ৰাজ্যখনৰ কংগ্ৰেছ প্ৰাৰ্থীসকলৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে।