May 31, 2024 6:06 PM

views 28

কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ

অষ্টাদশ লোকসভা নির্বাচনৰ কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত মুঠ ৯০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ ৩ খন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্রতিদ্বন্দ্বিতা হ'ব। কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব। এই পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। ইয়াৰ ভিতৰত আছে -প্রধা...

May 28, 2024 5:31 PM

views 36

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত এখন নির্বাচনী সভাক সম্বোধন কৰিব। বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা সীতা ছ’ৰেনৰ সমৰ্থনত...

May 25, 2024 5:06 PM

views 43

বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা মোদীৰ

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্রিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰামত এখন জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ, সমাজবাদী পার্টী, নেচনেল কনফাৰেন্স, জে ডি, এন চি পি আৰু আপৰ দৰে সুবিধাবাদী দলসমূহে প্রধানমন্ত্ৰীৰ পদবীক মিউজিকেল চেয়াৰত পৰিণত কৰিব বিচাৰ...

May 23, 2024 8:50 PM

views 25

দেশত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬২.২০ শতাংশ ভোটদান

২০ মে’ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬২ দশমিক ২-০ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত ৬১ দশমিক ৪-৮ শতাংশ পুৰুষ, ৬৩ শতাংশ মহিলা আৰু ২১ দশমিক ৯-৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতা আছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই পৰ্যায়ত পশ্চিমবংগত সর্বাধিক ৭৮ দশমিক ৪-৩ শতাংশ মহিলা ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। আয়োগৰ তথ্য অনুসৰি জম্মু-কাশ্মীৰত ৫৯ শতাংশৰো অধিক ভোটদান হয়। ইয়াৰ বিপৰীতে বিহাৰত ৫৬ দশমিক ৭-৬, ঝাৰখণ্ডত ৬৩ দশমিক ২-১, লাডাখত ৭১ দশমিক ৮-২, মহাৰাষ্ট্ৰত প...

May 22, 2024 8:30 PM

views 35

দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ১ জুনত সপ্তম পৰ্যায়ত ভোটগ্ৰহণ

সপ্তম পৰ্যায়ত অহা ১ জুনত দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত মুঠ ১০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই পৰ্যায়ৰ বাবে দুহেজাৰ ১০৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পাঞ্জাবত সৰ্বাধিক ৫৯৮ খন মনোনয়ন ১৩ টা সমষ্টিৰ বাবে দাখিল কৰা হৈছিল। আনহাতে, উত্তৰ প্ৰদেশত ১৩ টা সমষ্টিৰ বাবে ৪৯৫ খন মনোনয়ন দাখিল হৈছিল। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পাঞ্জাবৰ ১৩ খনকৈ আসনৰ লগতে পশ্চিমবংগৰ ৯খন...

May 17, 2024 5:38 PM

views 25

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টা সমষ্টিত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলাইছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত ২৫ মে'ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ লয়। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচ...

May 11, 2024 2:34 PM

views 42

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে’ত ভোটগ্রহণ

● মধ্যপ্ৰদেশত উজ্জয়ন, মান্দচাউৰ, ধাৰ, ইণ্ডোৰ, খাগান আৰু খানৱা লোকসভা সমষ্টিকে ধৰি মুঠ ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ মালোৱা, নিমাৰ অংশত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে ৰত্নাম আৰু ইণ্ডোৰত প্ৰচাৰ চলোৱাৰ লগতে মধ্যপ্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মাই দেৱজ আৰু ধাৰ্ড আৰু প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে উজ্জয়িনীত প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগবিজয় সিং, সঞ্জয় কাপুৰ...

May 11, 2024 2:38 PM

views 31

আজি চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব

◆ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দাবাদৰ এল বি ষ্টেডিয়ামত এখন নির্বাচনী সভাত ভাষণ দিয়ে। শ্রীমোদীয়ে কয় যে, বিজেপিয়ে বিগত ১০ ব...

May 11, 2024 2:26 PM

views 38

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰা...

May 9, 2024 6:33 PM

views 23

ঝাৰখণ্ডৰ ৩খন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা ২০ মে’ত ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ, ঝাৰখণ্ডৰ তিনিখন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা ২০ মে’ত ভোটগ্ৰহণ কৰা হ'ব। ইফালে ষষ্ঠ পৰ্যায়ৰ লোক...