সমগ্র দেশে আজি ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত বিজয় দিৱস উদযাপন কৰিছে। প্ৰতিবছৰে আজিৰ দিনটোত কৃতজ্ঞ ৰাষ্ট্ৰই প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত আৰু গৌৰৱান্বিত কৰা বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰে। আজিৰ দিনটোতে ১৯৭১ চনত পাকিস্তানী সেনা বাহিনীৰ মুৰববী জেনেৰেল এ এ খান নিয়াজিয়ে ৯৩ হাজাৰ সেনাবাহিনীৰ সৈতে ভাৰতীয় সেনাৰ সন্মুখত বিনা চৰ্তে আত্মসমৰ্পণ কৰিছিল। এই যুদ্ধৰ সমাপ্তিত পূব পাকিস্তানৰ পৰিৱৰ্তে বাংলাদেশ হিচাপে এখন নতুন ৰাষ্ট্ৰ গঠন হৈছিল।
Site Admin | December 16, 2025 12:12 PM | vijay divash
১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত আজি দেশত বিজয় দিৱস উদযাপন