December 16, 2025 6:48 PM
10
ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন
১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন কৰা হয়। অসম আৰক্ষীয়ে বীৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। একেদৰে ঠায়ে ঠায়ে বীৰ সৈনিকসকলক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে পাকিস্তানী সেনাবাহিনীয়ে ভাৰতৰ ওচৰত আত্মসমর্পণ কৰিছিল আৰু পূব পাকিস্তান বাংলাদেশ নামেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত হৈছিল। বিজয় দিৱস উপলক্ষে আজি ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰা...