December 16, 2025 6:48 PM | vijay divash

printer

ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন

১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন কৰা হয়। অসম আৰক্ষীয়ে বীৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। একেদৰে ঠায়ে ঠায়ে বীৰ সৈনিকসকলক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে পাকিস্তানী সেনাবাহিনীয়ে ভাৰতৰ ওচৰত আত্মসমর্পণ কৰিছিল আৰু পূব পাকিস্তান বাংলাদেশ নামেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত হৈছিল।

বিজয় দিৱস উপলক্ষে আজি ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা সৈনিকসকলক শ্রদ্ধাঞ্জলি জনায়। লগতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ক সোঁৱৰণ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কয়, যে জন্মভূমিৰ প্ৰতি ভাৰতীয় সেনাৰ ভালপোৱা, উচর্গিকীকৃত মনোভাৱ আৰু সাহসে জাতিক সদায় গৌৰৱান্বিত কৰি আহিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰষ্ট্রপতি চি পি ৰাধাকৃষ্ণণে কয়, যে সেনা বাহিনীৰ বীৰত্বই পাকিস্তানৰ বিপক্ষে ভাৰতৰ জয়লাভত নির্ণায়ক ভূমিকা গ্রহণ কৰিছিল আৰু বাংলাদেশ নামৰ এখন স্বাধীন ৰাষ্ট সৃষ্টি হৈছিল। সাহসী সৈনিকসকলৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁলোকৰ নিঃস্বার্থ সেৱাই জাতিক সুৰক্ষিত কৰি ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।