ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ তাৰকা দবা খেলুৱৈ বৈশালী ৰমেশ বাবুক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ আনুষ্ঠানিকভাৱে গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান

◊ভাৰতৰ তাৰকা দবা খেলুৱৈ বৈশালী ৰমেশ বাবুক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন, এফ আই দি ই-য়ে আনুষ্ঠানিকভাৱে গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰিছে। বৈশালী হ’ল কনাৰু হাম্পি আৰু হৰিকা দ্ৰোণাৱলীৰ পাছত এই উপাধি লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা গ্রেণ্ডমাষ্টাৰ। বৈশালীয়ে স্পেইনত বিগত বৰ্ষত অনুষ্ঠিত ল’ব্রেগাট অ’পেন দবা প্রতিযোগিতাত প্রয়োজনীয় আঢ়ৈ হাজাৰ ই এল অ’ পইণ্ট সম্পূৰ্ণ কৰিছিল। অৱশ্যে যোৱা মাহত টৰণ্টোত কেণ্ডিডেটছ্ টুর্ণামেণ্টৰ সময়ত আয়োজিত ফেডাৰেশ্যনৰ পৰিষদৰ বৈঠকৰ পাছতহে খেলুৱৈগৰাকীক আনুষ্ঠানিকভাৱে এই উপাধি প্ৰদান কৰা হয়। এই উপাধি লাভৰ পাছত বৈশালী তেওঁৰ ভাতৃ ৰমেশবাবু প্ৰগনানন্ধৰ সৈতে বিশ্বৰ প্ৰথম গ্ৰেণ্ডমাষ্টাৰ ভাতৃ-ভগ্নী যুটিত পৰিণত হয়।

Read More : থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় পুৰুষ দল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।