ডাউনলোড
মোবাইল এপ

android apple
signal

August 5, 2025 8:34 PM | Uttarakhand

printer

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ কাশী জিলাৰ ধৰালি গাওঁত বিস্তৰ ক্ষয় ক্ষতি

উত্তৰাখণ্ডত ক্ষীৰ গংগা নৈৰ অববাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকষ্মিক বানত উত্তৰ কাশী জিলাৰ ধৰালি গাওঁত বিস্তৰ ক্ষয় ক্ষতি হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষীৰ গংগা নদী ফেনে ফোটোকাৰে বাঢি় অহাৰ ফলত সৃষ্টি হোৱা এই বানে গাওঁখনৰ বজাৰ অঞ্চলত থকা বহুবোৰ অট্টালিকা, হোটেল আৰু দোকান উটুৱাই নিয়ে। সামৰিক বাহিনী,  জিলা দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী,  জিলা প্ৰশাসন আৰু স্থানীয় কেতবোৰ সহায়কাৰী দলৰ সহযোগিতাত ইতিমধ্যে বিশেষ অভিযান আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে এই দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিবলৈ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে জানিবলৈ দিছে যে, জিলাখনৰ এই দুৰ্যোগৰ সময়ত সহায় কৰিব পৰাকৈ বহুকেইটা সঁহাৰি বাহিনীয়ে ৰাজ্য চৰকাৰৰ পৰ্যবেক্ষণত অহৰহ কাম কৰি আছে। তেওঁ লগতে ডাৱৰ বিস্ফোৰণৰ এই ঘটনাৰ ফলত যিসকল লোকৰ ক্ষতিসাধন হৈছে তেওঁলোকৰ প্ৰতি সহানুভুতি জ্ঞাপন কৰিছে। গৃহ মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি এই ঘটনাৰ সবিশেষ বুজ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে শ্ৰীশ্বাহে জানিবলৈ দিয়ে যে, উত্তৰাখণ্ডৰ ওচৰতে থকা তিনিটা ইন্দো তিব্বতীয় সীমা আৰক্ষী দল আৰু ৪ টা ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীক ইতিমধ্যে ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰু তেওঁলোকে উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক