September 16, 2025 6:19 PM

views 33

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ টেলিফোনযোগে ৰাজ্যখনত প্রবল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ টেলিফোন কৰি ৰাজ্যখনত প্রবল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয়। প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাজ্যখনলৈ সকলোধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰী ধামীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই কয়, যে তেওঁলোকৰ সমৰ্থনে ৰাজ্যখনত সাহায্য অভিযান খৰতকীয়া কৰি তোলাত সহায় কৰিব৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ...

August 5, 2025 8:34 PM

views 33

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ কাশী জিলাৰ ধৰালি গাওঁত বিস্তৰ ক্ষয় ক্ষতি

উত্তৰাখণ্ডত ক্ষীৰ গংগা নৈৰ অববাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকষ্মিক বানত উত্তৰ কাশী জিলাৰ ধৰালি গাওঁত বিস্তৰ ক্ষয় ক্ষতি হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষীৰ গংগা নদী ফেনে ফোটোকাৰে বাঢি় অহাৰ ফলত সৃষ্টি হোৱা এই বানে গাওঁখনৰ বজাৰ অঞ্চলত থকা বহুবোৰ অট্টালিকা, হোটেল আৰু দোকান উটুৱাই নিয়ে। সামৰিক বাহিনী,  জিলা দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী,  জিলা প্ৰশাসন আৰু স্থানীয় কেতবোৰ সহায়কাৰী দলৰ সহযোগিতাত ইতিমধ্যে বিশেষ অভিযান আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে এই দুৰ্...

March 21, 2025 6:24 PM

views 42

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰি ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

উত্তৰাখণ্ডৰ চলিত বৰ্ষৰ চাৰি ধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ হৈছে। এইবেলি এই যাত্ৰাৰ বাবে আধাৰৰ জৰিয়তে পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি আগ্ৰহী ভক্তসকলে নিজৰ নিজৰ নাম পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ডৰ বিস্তৃত তথ্য দাখিল কৰিব লাগিব । চাৰি ধাম যাত্ৰাৰ সময়ত তীর্থযাত্ৰীসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে ৬০ শতাংশ পঞ্জীয়ন অনলাইন ব্যৱস্থাৰ জৰিয়তে আৰু বাকী ৪০ শতাংশ অফলাইন ব্যৱস্থাৰে সম্পন্ন কৰা হ'ব । এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে হৰি...

February 14, 2025 1:10 PM

views 45

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হলদ্বানিত হ'বলগীয়া সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। কেন্দ্ৰীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়া, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় পথ পৰিবহণ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি তথা সাংসদ পি টি ঊষা প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ কথা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

February 14, 2025 1:08 PM

views 36

৩৪ টা পদকেৰে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ অভিযান সামৰণি

অসমে উত্তৰখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৩৪টা পদকেৰে অভিযান সামৰিছে। অসমে কালি নেট বলৰ মিক্সড শাখাৰ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱাৰ লগে লগে অসমৰ পদক ৩৪টাতে সীমিত থাকে। অসমৰ খেলুৱৈসকলে এইবাৰৰ প্ৰতিযোগিতাত তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক জয়ী কৰিবলৈ সমৰ্থ হয়। অসম এই পর্যন্ত প্রতিযোগিতাৰ পদক তালিকাত ২৪ সংখ্যক স্থানত আছে। ছার্ভিছেছে ৬৭টা সোণ, ২৬টা ৰূপ আৰু ২৭টা ব্ৰঞ্জৰ পদকেৰে প্ৰথম স্থানত আছে। মহাৰাষ্ট্ৰ ৫৩টা সোণ, ৬৯টা ৰূপ আৰু ৭১টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় আৰু হাৰিয়ানা...

January 31, 2025 8:22 PM

views 38

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ কেইবাটাও পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ খেলুৱৈসকলে কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি ভাৰোত্তোলনত ৬৭ কিলোগ্রাম শাখাত সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ সাঁতোৰত ৮০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত শুৱনশিনি প্রীয়দর্শীনিয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰিছিল। ছানমা ব্ৰহ্মই উধুৰ পুৰুষৰ টাইজিকোৱন শাখাত ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কি...

January 30, 2025 8:38 PM

views 38

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ প্ৰথমটো পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত উশ্বুৰ জৰিয়তে অসমে প্ৰথমটো পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। উশ্বু খেলুৱৈ ছনমা ব্ৰহ্মই অসমক ৰূপৰ পদক উপহাৰ দিয়ে। ইপিনে ৰাষ্ট্ৰীয় ক্রীড়াৰ ফুটবলত অসমে জয়ৰে অভিযান আৰম্ভ কৰিছে। আজি অনুষ্ঠিত গ্ৰুপৰ খেলত অসমে শক্তিশালী গোৱাক ৩-২ গ'লত পৰাস্ত কৰে। উল্লেখযোগ্য যে ১৮ বছৰৰ পিছত ৰাষ্ট্ৰীয় ক্রীড়ালৈ অসম ফুটবল দলে যোগ্যতা অৰ্জন কৰিছে। আনহাতে, কর্ণটিকে এতিয়ালৈকে ৭ টা সোণ, তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকসহ মুঠ ১২টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালি...

January 27, 2025 3:08 PM

views 37

উত্তৰাখণ্ডত আজিৰে পৰা উমৈহতীয়া দেৱানী বিধি বলবৎ

আজিৰে পৰা উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি বলবৎ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত এই আইন ৰূপায়ণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ড পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, যে ইয়াৰ বাবে নিয়ম অনুমোদন আৰু চৰকাৰী প্ৰশিক্ষণকে ধৰি সকলো প্ৰস্তুতি সম্পূর্ণ হৈছে।উমৈহতীয়া দেৱানী বিধিৰ লক্ষ্য হৈছে- ব্যক্তিগত নাগৰিক আইনসমূহক মান সন্মতকৰণ কৰা, সকলো নাগৰিকৰ বাবে সম অধিকাৰ নিশ্চিত কৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই বিধিৰ অধীনত জাতি, ধৰ্ম আৰু লিংগৰ ভিত্তিত বৈষম্যমূলক ব্যক্তিগত নাগৰিক বিষয়ৰ সৈতে জ...

December 8, 2024 5:47 PM

views 66

উত্তৰাখণ্ডত শীতকালীন চাৰধাম যাত্ৰা আৰম্ভ

বহু প্রত্যাশিত শীতকালীন চাৰধাম যাত্ৰা আজি উত্তৰাখণ্ডত আৰম্ভ হয়। এই চাৰধাম যাত্ৰাত ভক্তসকলক চাৰিখন পবিত্ৰ ধামৰ শীতকালীন বাসস্থান পৰিদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰা হ'ব। শীতকালত ভগৱান কেদাৰনাথৰ মূৰ্তি প্ৰতিষ্ঠাপিত ৰুদ্ৰপ্ৰয়াগ জিলাৰ উখিমঠৰ ঔমকাৰেশ্বৰ মন্দিৰত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিঙ ধামিয়ে আনুষ্ঠানিকভাৱে এই ধর্মীয় যাত্ৰাৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই শীতকালীন চাৰধাম যাত্ৰা কৰা তীর্থযাত্রীসকলক সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে ...

November 4, 2024 5:56 PM

views 38

উত্তৰাখণ্ডৰ আলমোৰা জিলাত যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি পুৱা এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাউলিখাল পৰা ৰামনগৰ অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৫১ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত হতাহতৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানসকলে ইতিমধ্যে দূর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে এই দু...