ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 4, 2024 1:02 PM | Uttarakhand

printer

উত্তৰাখণ্ডত এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাৰোৱালৰ পৰা কুমাও অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৪০ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত হতাহতৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানসকলে ইতিমধ্যে দূর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা কৰিছে।