September 9, 2024 5:51 PM | Uttar Pradesh

printer

উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলন

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সামাজিক ন্যায় আৰু সমাজ কল্যাণ বিভাগসমূহৰ লগতে শীৰ্ষ বিষয়া আৰু অন্যান্য মুখ্য অংশীদাৰীসকলৰ মাজত আলোচনা অনুষ্ঠিত হব। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে চিন্তন শিৱিৰৰ অধ্যক্ষতা কৰিব। অনুষ্ঠানত বিভাগটোৰ ৰাজ্য মন্ত্ৰী ক্ৰমে বি এল ৱাৰ্মা আৰু ৰামদাস আথাৱালেৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকিব। এই সন্মিলনৰ উদ্দেশ্যে হৈছে মূলতঃ ৰাজ্যিক পৰ্যায়ত সামাজিক ন্যায় সম্পৰ্কীয় আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।