January 24, 2026 8:54 PM

views 47

উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছেঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি কৈছে, যে উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। আজি বিয়লি লক্ষ্ণৌত আয়োজিত উত্তৰ প্ৰদেশ দিৱসৰ কাৰ্যসূচীত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ প্ৰদেশ বৰ্তমান দেশৰ চতুৰ্থ অৰ্থ ব্যৱস্থাৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু খাদ্য-সামগ্ৰীৰ উৎপাদনত ২০ শতাংশ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। তেওঁ নিৰ্ধাৰিত সময় অনুসৰি বৰ্তমান সময়ত ৰূপায়িত আঁচনিসমূহ সম্পূৰ্ণ কৰিবলৈ সম...

November 17, 2025 8:30 PM

views 38

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী- এন ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী- এছ ডি আৰ এফ তথা স্থানীয় প্রশাসনে কুৱেৰীটোত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধসদৃশ তৎপৰতা চলাই আছে। ৰাজ্যমন্ত্ৰী ৰবীন্দ্ৰ জয়...

November 17, 2025 1:34 PM

views 36

উত্তৰ প্ৰদেশৰ শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলৰ উদ্ধাৰৰ অভিযান অব্যাহত

উত্তৰ প্ৰদেশৰ সোণভদ্রা জিলাৰ এটা শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত কৰ্মৰত অৱস্থাত এজন শ্রমিকৰ মৃত্যু হয়। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। শিলৰ কুৱেৰীটোত খহি পৰা প্ৰকাণ্ড শিল আৰু তাত জমা হৈ পৰা পানীৰ বাবে উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰ্যত যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে। শিলৰ কুৱেৰীটোত সংঘটিত দুর্ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী বিভাগে কুৱেৰীটো লিজত লোৱা এজন লোকৰ বিৰুদ্ধে নিজাব...

September 9, 2025 3:03 PM

views 44

উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি সম্প্ৰতি জটিল হৈ আছে

■ উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। ৰাজ্যখনৰ বিশেষকৈ প্ৰয়াগৰাজ, আগ্ৰা আৰু মথুৰা জিলাত বানে অধিক জটিল ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মথুৰা জিলাত বানৰ প্ৰভাৱ সবাতোকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। যমুনা নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ ভালেমান আবাসিক এলেকা বানত বুৰ যোৱাৰ ফলত জিলা প্রশাসনে এনে অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। মথুৰাত কমেও পাঁচ হাজাৰ লোকে শিবিৰত আশ্ৰয় লোৱাৰ লগতে বাংকে বিহাৰী মন্দিৰলৈ যোৱা পথটো বানত বুৰ ...

July 28, 2025 5:28 PM

views 35

উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেঁচাত কমেও ২জন লোকৰ মৃত্যুৰ লগতে ১৭ জন লোক আহত

উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেচাত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন লোক আহত হয়। পৱিত্ৰ শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰৰ দিনা ভক্তসকলে মন্দিৰত দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ প্ৰয়োজনীয় চিকিৎসা নিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিহতকেইজনৰ নিকতাত্মীয়লৈ পাঁচ লাখ টকাৰ এককালী...

January 30, 2025 4:45 PM

views 1

মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে আচুতীয়া কথা-বতৰাত প্ৰয়াগৰাজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অংশুমান মিত্রই প্রকাশ কৰা মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনসমূহহে মেলালৈ চলাচলৰ অনুমতি দিয়া হ'ব। উল্লেখযোগ্য যে কালি মেলাথলীত পদপিষ্ট হৈ অসমৰ এগৰাকী ব্যক্তিৰ লগতে ৩০ গৰাকীৰো অধিক ব্যক্তি নিহত হয়। মহাকুম্ভ মেলাৰ মৌনী ...

October 7, 2024 10:57 AM

views 53

প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কালি প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন কৰে। এই প্রতীকে ধৰ্মীয় আৰু অৰ্থনৈতিক সমৃদ্ধিৰ লগতে সাগৰ মন্থনত উৎপত্তি হোৱা পৱিত্ৰ অমৃত কলহক চিহ্নিত কৰিছে। এই প্রতীকটোত সনাতন সভ্যতাৰ প্ৰকৃতি আৰু মানৱতাৰ সংগমক প্ৰতিনিধিত্ব কৰা এটা মন্দিৰ, ঈশ্বৰৰ দূত, এটা কলহ, অক্ষয়ৱৰ্ট গছ আৰু হনুমানৰ প্ৰতিমূৰ্তি আছে। তদুপৰি প্ৰতীকটোত আত্মসচেতনতা আৰু জনকল্যাণৰ অবিৰত ধাৰাক প্ৰতিফলিত কৰা হৈছে।

October 4, 2024 2:45 PM

views 41

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ট্রাক আৰু ট্রেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৩ জন লোক আহত

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতিনিশা ট্রাক আৰু ট্রেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৩ জন লোক আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁলোকক উচিত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে। ইপিনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্রশাসনে ভুক্তভোগীক সকলো ধৰণৰ ...

September 15, 2024 6:29 PM

views 56

উত্তৰ প্ৰদেশৰ মীৰাটত ভৱন খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ মীৰাটত এটা তিনিমহলীয়া ভৱন খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ লৈ বৃদ্ধি পাইছে। কালি সন্ধিয়া মীৰাটত জাকিয়া কলনিত এই ঘটনা সংঘটিত হৈছিল। আজি পুৱা উদ্ধাৰ অভিযানৰ সামৰণি পৰে আৰু ভৱনটোৰ ধ্বংসস্তুপ পৰিস্কাৰ কৰা হয়। ইপিনে, ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা ৫ জন লোকক স্থানান্তৰিত কৰা হয়। মীৰাটত জিলা দণ্ডাধীশে জনোৱা অনুসৰি ভৱনটো খহি পৰাৰ সময়ত তাত ১৫ জন লোক আছিল। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলসমূহে পৰিষ্কাৰ কৰি মুকলি কৰাৰ বাবে সমগ্র নিশাজুৰি কাম অব্যাহত ৰাখে ।

September 9, 2024 5:51 PM

views 34

উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলন

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সামাজিক ন্যায় আৰু সমাজ কল্যাণ বিভাগসমূহৰ লগতে শীৰ্ষ বিষয়া আৰু অন্যান্য মুখ্য অংশীদাৰীসকলৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে চিন্তন শিৱিৰ...