কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান কাইলৈ সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্রমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ’ব। এই ভ্রমণসূচীয়ে শিক্ষা খণ্ডৰ পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূর্ণ ক্ষেত্রসমূহত সহযোগিতা, অংশগ্ৰহণ আৰু সমন্বয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়া ছিংগাপুৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰী প্রধানে দেশখনৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ ৱং, উপ-প্রধানমন্ত্ৰী গান কিম য়ং আৰু অন্য জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব। তিনিদিনীয়া অষ্ট্ৰেলিয়া ভ্ৰমণকালত শিক্ষামন্ত্ৰীগৰাকীয়ে ২৩ অক্টোবৰত মেলৱৰ্নত দেশখনৰ শিক্ষামন্ত্রী জেছন ক্লেয়াৰক সাক্ষাৎ কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনৰ পূৰ্ণাংগ বৈঠকত ভাষণ দিব। ২৪ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে শৈশৱকালৰ শিক্ষা কৰ্মবাহিনীৰ প্ৰশিক্ষণ সম্পৰ্কীয় সহযোগিতাৰ সুযোগ অন্বেষণৰ উদ্দেশ্যে ছিডনীৰ অবার্ন লং ডে শিশু পৰিচৰ্যা কেন্দ্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে উদ্ভাৱন গৱেষণা বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিবর্গৰ সৈতে মত বিনিময় কৰিব আৰু অষ্ট্ৰেলিয়া-ভাৰত শিক্ষা তথা দক্ষতা পৰিষদৰ দ্বিতীয়লানি বৈঠকত অংশ ল’ব। ২৫ অক্টোবৰত শিক্ষামন্ত্ৰীগৰাকীয়ে গ্রেনভিলে ছাউথ ক্ৰিয়েটিভ আৰু পৰিৱেশ্য কলা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰিব।
কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান সাত দিনীয়া সূচীৰে কাইলৈ ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব
