ডাউনলোড
মোবাইল এপ

android apple
signal

April 2, 2025 1:33 PM | Udyam portel

printer

উদ্যম পঞ্জীয়ন প’ৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটৰ পঞ্জীয়ন

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডক আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যম পঞ্জীয়ন পৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটক পঞ্জীয়ন কৰা হৈছে। ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই পৰ্টেলৰ সহায়ত এনে উদ্যোগসমূহক এখন মঞ্চলৈ অনাৰ প্ৰয়াস কৰা হৈছিল। ২০২৩ চনৰ ১১ ফেব্ৰুৱাৰীত উদ্যম পৰ্টেলটো নতুন ৰূপত মুকলি কৰা হয়। ২০২০ চনৰ ১ জুলাইৰ পৰা চলিত বছৰৰ ১৫ মাৰ্চলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৪ লাখ ৬০ হাজাৰ ৩৫১টা ঔদ্যোগীক গোটক এই পৰ্টেলত পঞ্জীয়ন কৰা হৈছে। ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ ১৬ জানুৱাৰীত ষ্টাৰ্ট আপ আৰু উদ্ভাৱনৰ প্ৰসাৰৰ বাবে ষ্টাৰ্ট আপ আন্তঃগাঁথনি বিনিয়োগক উৎসাহিত কৰিবলৈ শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ পোষকতা কৰিছিল। ২০১৯ চনত জাৰি কৰা অধিসূচনাৰ অধীনত নিৰ্ধাৰিত যোগ্যতাৰ স্বত অনুসৰি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে ষ্টাৰ্ট আপ ইণ্ডিয়াৰ অধীনত এটা প্ৰতিষ্ঠানক ষ্টৰ্ট আপ হিচাপে স্বীকৃতি দিয়ে। এই আঁচনিৰ জৰিয়তে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশতে ষ্টৰ্ট আপ আন্তঃগাঁথনি বিকাশৰ দ্বাৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° সুকান্ত মজুমদাৰে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।