ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম’বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে আজি বগৰীজেঙৰ আৰক্ষী ছাউনী খেলপথাৰত বুজন পৰিমাণৰ মাদক দ্রব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত ২ কোটি ৯৩ লাখ টকাৰো অধিক মূল্যৰ প্ৰায় ডেৰ কিলোগ্রাম হেৰ’ইন দাহ কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।