আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে দেশখনৰ বাবে ১৭ হাজাৰ ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। চীন আৰু ৰাছিয়াৰ সম্ভাৱ্য ভাবুকি প্ৰতিহত কৰাৰ লক্ষ্যৰে এই অভিলাষী প্রকল্প আৰম্ভ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বাহিনীৰ জেনেৰেল মাইকেল গুৱেটলিনক এই প্ৰকল্পৰ মুৰববী হিচাপে নিযুক্তি দিয়া হৈছে। হোৱাইট হাউছত যোৱা নিশা এখন সংবাদমেলত ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে গোল্ডেন ডোমে মহাকাশ অথবা অন্য ৰাষ্ট্ৰৰ পৰা নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰকে ধৰি দীৰ্ঘ দূৰত্বৰ ক্ষেপনাস্ত্ৰসমূহৰ পৰা দেশখনক সুৰক্ষা প্ৰদান কৰিব। ইজৰাইলৰ লৌহ ডোমৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ লোৱা হৈছে যদিও এই সুৰক্ষা ব্যৱস্থা ইজৰাইলতকৈ বৃহৎ পৰিসৰত গঢ়ি তোলা হ’ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। গোল্ডেন ডোমৰ জৰিয়তে আক্ৰমণৰ বাবে অহা ক্ষেপনাস্ত্ৰসমূহ চিনাক্ত কৰি ইয়াক প্রতিহত কৰাৰ বাবে শতাধিক উপগ্রহ স্থাপন কৰিব পৰা যাব। শ্ৰীট্টাম্পে কয় যে এই প্রকল্প ২০২৯ চনৰ জানুৱাৰীত তেওঁৰ কাৰ্যকাল অন্ত পৰালৈকে সম্পূৰ্ণ কৰা হ’ব। অৱশ্যে ঔদ্যোগিক বিশেষজ্ঞসকল এই নিৰ্ধাৰিত সময়সীমা আৰু প্ৰকল্প ব্যয়ক লৈ নিশ্চিত নহয় বুলিও তেওঁ প্ৰকাশ কৰে। কানাডাইও এই প্ৰকল্পত যোগদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে।
Site Admin | May 21, 2025 12:46 PM | Donald Trump
১৭, ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা ডনাল্ড ট্রাম্পৰ
