ৰাছিয়া আৰু ইউক্রেইনে যুদ্ধবিৰতি তথা যুদ্ধৰ সম্ভাৱ্য অৱসানৰ বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দুঘণ্টাজোৰা টেলিফোনিক বাৰ্তালাপৰ পাছতেই ট্রাম্পে এই কথা ঘোষণা কৰিছে। ট্রাম্পে কয় যে তেওঁলোকৰ মাজৰ এই আলোচনা ইতিবাচক আছিল আৰু আলোচনাৰ বাবে দুয়োপক্ষ সাজু।
সামাজিক মাধ্যমৰ এটা পোষ্টত ট্রাম্পে প্ৰকাশ কৰিছে যে দুয়োখন দেশে আলোচনাৰ বিষয়টো নিজেই আগবঢ়াই নিব। যুদ্ধৰ পাছত আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি কৰিবলৈ ৰাছিয়া আগ্ৰহী বুলিও তেওঁ লগতে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত বৃহৎ পৰিমাণৰ নিয়োগ আৰু সম্পদৰ সৃষ্টি হ’ব।
এই টেলিফোনিক বাৰ্তালপৰ পাছত ট্রাম্পে ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি, ইউৰোপীয় সংঘৰ নেতা আৰু অন্যান্যসকলকে ধৰি বিশ্বৰ শীৰ্ষ নেতাসকলক এই বিষয়ে অৱগত কৰে। নৱনিৰ্বাচিত পোপ লিঅ’ চতুর্দশ নেতৃত্বাধীন ভেটিকানে এই আলোচনাৰ আয়োজন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
ইপিনে, পুটিনে নিশ্চিতি প্ৰদান কৰি কৈছে যে সম্ভাৱ্য শান্তি চুক্তিৰ বাবে ইউক্রেইনৰ সৈতে কাম কৰিবলৈ মস্কো সাজু হৈ আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশৰ মাজত সংঘাত চলি থকাৰ সময়তেই শান্তিৰ কাৰ্যকৰী পথসমূহ চিনাক্তকৰণৰ প্রয়োজন সন্দৰ্ভত আলোকপাত কৰে।ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে তুর্কীয়ে, ছুইজাৰলেণ্ড অথবা ভেটিকানত শান্তি আলোচনা অনুষ্ঠিত কৰিবলৈ ইউক্রেইন সাজু আছে। তেওঁ সম্পূর্ণ চর্তহীন যুদ্ধবিৰতিৰ বাবে আহ্বান জনায় আৰু সঠিক সিদ্ধান্তৰ বাবে ইউক্রেইন সাজু আছে বুলি প্ৰকাশ কৰে। জেলেনস্কিয়ে এই গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে একে ধৰণৰ সদিচ্ছা প্ৰকাশ কৰিবলৈ ৰাছিয়াৰ প্ৰতি আহ্বান জনায়।