ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 5, 2025 12:38 PM | Donald Trump

printer

ইউক্রেইনত শান্তি বৰ্তাই ৰখাৰ বাবে ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ ভ’ল’ডিমিৰ জেলেনস্কিৰ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে দেশখনত শান্তি বৰ্তাই ৰখাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে। যোৱা শুকুৰবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছতে জেলেনস্কিয়ে এই কথা প্রকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্রেইনলৈ সামৰিক সহযোগিতা প্ৰদান নকৰে বুলি প্ৰকাশ কৰাৰ পাছতে জেলেস্কিয়ে কয়, যে ইউক্রেইনে শান্তি চুক্তি সন্দৰ্ভত আলোচনা আৰু খনিজ চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱানিশা ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰী ট্রাম্পৰ সৈতে এই বৈঠক আক্ষেপজনক আছিল বুলি প্ৰকাশ কৰি ভৱিষ্যতে গঠনমূলক সহযোগিতাৰ বাবে আহ্বান জনায়। তেওঁ এই সহযোগিতাৰ আৰম্ভণিতে মিছাইল আৰু ড্রোনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, বন্দীসকলক মুকলি কৰি দিয়া আৰু যদি ৰাছিয়াই ইচ্ছা কৰে, তেনেহলে সাগৰত যুদ্ধ বিৰতিৰ জৰিয়তে এই যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইউক্রেইনলৈ সামৰিক সাহায্য প্ৰদান নকৰে বুলি প্ৰকাশ কৰিছে। হোৱাইট হাউছৰ চৰকাৰী সূত্ৰই কালি প্ৰকাশ কৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰই শান্তিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ অংশীদাৰসকলেও এই লক্ষ্যপ্ৰাপ্তিৰ বাবে বদ্ধপৰিকৰ হব লাগিব বুলি শ্ৰী ট্রাম্পে স্পষ্ট কৰি দিছে। ইপিনে, দেশখনৰ এই সিদ্ধান্তক লৈ বিশ্বৰ বিভিন্ন দেশে প্রতিক্রিয়া প্ৰকাশ কৰিছে।