December 11, 2025 12:30 PM | Election

printer

আজিৰে পৰা ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ অনুষ্ঠিত

সমাগত বিধানসভা নির্বাচনৰ প্রস্তুতিৰ অংশ হিচাপে কামৰূপ জিলাত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কার্যালয় চৌহদত অৱস্থিত ই ভি এম গুডামঘৰত অহা ২৩ ডিচেম্বৰলৈ এই পৰীক্ষণ কৰা হ’ব। এই পৰীক্ষণ কার্য কামৰূপ জিলাৰ নির্বাচনী বিষয়াৰ অধীনৰ অধীনত সম্পন্ন হ’ব।

দৰং নির্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবেও আজি ইভিএম আৰু ভিভিপেটৰ প্রথম পর্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে। অহা ২৫ ডিচেম্বৰলৈকে চলিবলগীয়া এই পৰীক্ষণ তদাৰকৰ বাবে ১২ জনীয়া এটা অভিযন্তাৰ দল ইতিমধ্যে মঙলদৈত উপস্থিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।