জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰ্যটন মন্ত্রালয়ে পর্যটন সেৱা প্রদানকাৰী সকলো প্রতিষ্ঠানকে পর্যটকসকললৈ সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। মন্ত্রালয়ে লগতে পর্যটন এজেণ্ট, ভ্রমণ পৰিচালন সংস্থা, পৰ্যটকক বাহনৰ সেৱা প্ৰদান কৰা ব্যক্তি প্ৰতিষ্ঠান আৰু হোটেল ব্যৱসায়ীসকলক বুকিং বাতিলকৰণৰ মাচুল ৰেহাই দিবলৈ আহ্বান জনাইছে।
Site Admin | April 24, 2025 10:35 AM | tourism on pahalgam
পর্যটন সেৱা প্রদানকাৰী সকলো প্রতিষ্ঠানকে পর্যটকলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ পৰ্যটন মন্ত্রালয়ৰ আহ্বান
