ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত ৭ দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। কালি বন্তি প্রজ্বলন, থিয়নাম পৰিবেশন আদি কাৰ্যসূচীৰে গোন্ধ যাত্ৰা অনুষ্ঠিত কৰাৰ পাছত আজি মূল তিথি পালন কৰা হয়। আজিৰ কাৰ্যসূচী হিচাপে কৰভাৰ প্ৰদান কৰা হয়। শ্ৰীশ্ৰীদেৱ দামোদৰ সংঘৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে শোভাযাত্ৰা কৰি গুৰুজনাৰ আদিসত্ৰখনত পৰম্পৰাগত ৰীতি-নীতিৰে কৰভাৰ প্ৰদান কৰে। তদুপৰি প্ৰসংগ, আয়তিৰ নাম আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভতিজা ৰামৰায়ৰ পৰা এতোলা সোণৰ বিনিময়ত মাটি লৈ দামোদৰ দেৱে পাটবাউসী সত্ৰ স্থাপন কৰিছিল। পাছত তেওঁ অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱক সত্ৰখনৰ সত্ৰাধিকাৰ পাৰ্টি কোচবিহাৰলৈ গৈছিল। সত্ৰখন চলাত অসুবিধা নহ’বলৈ দামোদৰ দেৱে ভকত তথা অনুগামীসকলক বছৰি গুৰুকৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছিল। তেতিয়াৰ পৰা সত্ৰখনত কৰভাৰ প্ৰদান প্ৰথা চলি আহিছে। মাজুলীৰ দক্ষিণপাত গৃহাশ্রমী সত্ৰতো দামোদৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। কালিৰে পৰা দুদিনীয়াকৈ উদযাপিত কাৰ্যসূচীৰ অংশ হিচাপে আজি বন্তি প্রজ্বলন, পুষ্পাঞ্জলি অর্পণ, গুৰু বন্দনা, শ্ৰীশ্ৰী কৃষ্ণলীলা কীর্তন ঘোষা ৰত্ন পাঠ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ প্ৰসঙ্গ আদিৰে অনুষ্ঠানৰ সম্পাদনা কৰা হয়। ইফালে, এই তিথি উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমন্বয় আৰু একতাৰে আগবাঢ়ি যাবলৈ ৰাজ্যবাসীক আহ্বান জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসেও মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ তিথি উপলক্ষে ভক্তি অঞ্জলি নিবেদন কৰে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে, গুৰুজনাৰ বুদ্ধিমত্তা, দৃঢ়মনা, সংগঠক আৰু বিশেষণতাই অসমীয়া সমাজ আধ্যাত্মিক দিশেৰে আজীৱন উদ্বুদ্ধ কৰি যাব।