ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত ইছলামধৰ্মীৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বিধেয়ক উত্থাপনত অনুমোদন মন্ত্ৰীসভাৰ

অসম মন্ত্রীসভাই ইছলামধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে ইছলামধৰ্মী লোকসকলৰ ১৮ বছৰৰ তলৰ লোকৰো বিবাহ পঞ্জীয়ন সম্ভৱ হৈ উঠিছিল। সমগ্র বিষয়টো সামৰি কেবিনেটে অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্যে অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক, ২০২৪-ত অনুমোদন জনাইছে। বিধেয়কখনে বিবাহৰ পবিত্ৰতাক অক্ষুণ্ণতাৰে শক্তিশালী কৰাৰ পথ প্রশস্ত কৰাৰ লগতে বিশেষকৈ মহিলাসকলক আইনী ধাৰণাৰ সুৰক্ষা আৰু লাভালাভ প্ৰদান কৰাৰ লগতে সমাজত বাল্য বিবাহৰ সামাজিক ব্যাধি প্ৰতিহত কৰিব। কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ভূমি আৰু ৰাজহ নিয়ামক আইন ১৮৮৬ ক ১২ নম্বৰ অধ্যায় সংযোজনৰ দ্বাৰা ৰাজ্যখনৰ কমেও আঢ়ৈশ বছৰ পুৰণি আদৰ্শ স্থানসমূহক সামৰি ঐতিহ্যখণ্ড সৃষ্টি কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে বুলি কয়। ইয়াৰ ফলত বৰপেটা, বৰদোৱা, মাজুলী, চৰাইদেউৰ দৰে বিভিন্ন ঐতিহ্যমণ্ডিত স্থানৰ ৫ কিলোমিটাৰ ব্যাসার্ধ এলেকাক সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব। অৱশ্যে মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনকে সামৰি এই সুৰক্ষা প্ৰদানৰ নীতি প্রযোজ্য হ’ব। এই অঞ্চলসমূহত ৩টা প্রজন্ম ধৰি বাস কৰা মানুহে ভূমি ক্রয় বিক্ৰী কৰিব পাৰিব। তদুপৰি ৮০ শতাংশতকৈ অধিক অনুসূচিত জাতি নাইবা অনুসূচীত জনজাতি বসবাস কৰা অঞ্চলসমূহ মাইক্ৰ’ ট্রাইবেল বেল্ট এণ্ড ব্লক হিচাপে চিনাক্ত কৰা হ’ব। এই অঞ্চলসমূহ চিনাক্ত কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু, উর্খাও গৌড়া ব্ৰহ্ম আৰু পীযূষ হাজৰিকাক লৈ গঠন কৰা সমিতিখনক নিৰ্দেশ দিয়া হৈছে। ইপিনে, মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ত গুৱাহাটী মহানগৰী নাইবা অন্য নগৰ অঞ্চলত উচ্চ হাৰৰ প্ৰিমিয়ামৰ বাবে ভূমি ক্রয় কৰিবলৈ সমৰ্থ নোহোৱা খিলঞ্জীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক সকাহ দিবৰ বাবে প্রিমিয়াম হ্ৰাস কৰা সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ মন্ত্ৰী যোগেন মহন আৰু অশোক সিংহলক দায়িত্ব অৰ্পন কৰা হৈছে। অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ বাবেও কেবিনেটে সিদ্ধান্ত লৈছে। এতিয়ালৈকে ২৭ লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিছে যদিও এই আঁচনিৰ তৃতীয় পৰ্যায়ত আৰু ১২ লাখৰো অধিক লোকক ইয়াৰ দ্বাৰা সামৰি লোৱাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এই ব্যৱস্থাত প্ৰতিটো সমষ্টিতে অতিৰিক্ত ১০ হাজাৰকৈ লোকক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব। কেৱল ৰেচন কাৰ্ড থকা লোকসকলেহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সৱলীকৰণৰ দিশত কাম কৰা নেত্ৰীসকলক কেবিনেটে অসম ৰাজ্যিক গ্রাম্য জীৱিকা মিছনৰ ৫ হাজাৰ ২৪২ সামূহিক কেডাৰক জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বাবে অনুমোদন জনোৱাৰ কথাও প্ৰকাশ কৰে। এই আঁচনিত বেংক সখী, কৃষি সখী, বীমা সখী, পশু সখী, মাষ্টাৰ বুক কীপাৰ আদিৰ দৰে অন্যান্য সামূহিক কেডাৰসকলক সামৰি লোৱা হ’ব। তদুপৰি মটৰ বাহনৰ বাবে বৈজ্ঞানিক আৰু যুক্তিসংগত কৰ ব্যৱস্থা আনিবলৈ কেবিনেটে অসম মটৰ বাহন কৰ আইন, ১৯৩৬-ৰ সংশোধনৰ বাবে অসম মটৰ বাহন কৰ সংশোধনী বিধেয়ক, ২০২৪ বিধানসভাত উত্থাপনৰ অনুমোদন জনাইছে। মন্ত্রীসভাই চি এন জিৰ ওপৰত আৰোপিত মূল্য সংযোজিত কৰ ভেট ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। ইয়াৰ উপৰি মন্ত্ৰীসভাই অসম কৰ্কট ৰোগী পৰিচৰ্যা প্ৰকল্পলৈ সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ২০২৪-২৫ বৰ্ষৰ বাবে ২০০ কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে।

অধিক পঢ়ক

সকলো চাওক