ৰাজ্যৰ ২৩খন চাহ বাগিচা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ ২৩ খন চাহ বাগিচা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি ডিব্ৰুগড়ত সৰ্বাধিক ১১ খন, হাইলাকান্দিত দুখন, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, দৰং, গোলাঘাট, কাৰ্বি আংলং, লখিমপুৰ, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত এখনকৈ চাহ বাগিচা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বতে চাহ বাগিচা অঞ্চলসমূহত দশম শ্রেণী পর্যন্তহে অধ্যয়নৰ ব্যৱস্থা আছিল যদিও ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধার্থে এই হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰে। চলিত শিক্ষাবৰ্ষৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়সমূহৰ কলা শাখাত নামভৰ্তি কৰিব পাৰিব বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইপিনে, চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ ১০ খন আদর্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কালি এই কথা প্ৰকাশ কৰে। এই অনুসৰি ২০২৫-২৬ শৈক্ষিক বৰ্ষত হাইলাকান্দি আদর্শ মহাবিদ্যালয়, ওদালগুৰি হৰিশিঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চিৰাং, মাজুলী, শোণিতপুৰৰ বৰছলা, মঙলদৈ, গোলকগঞ্জ, ধুবুৰীৰ মাজৰ আলগা, লাহৰিঘাট আৰু চামগুৰিৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ’ব। শিক্ষাৰ্থীসকলে এই মহাবিদ্যালয়সমূহত পাঁচটা বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব। এই অনুসৰি হাইলাকান্দিত ইংৰাজী, বঙালী, হিন্দী, ভূগোল আৰু সমাজতত্ব বিষয়ত নামভৰ্তিৰ সুবিধা থাকিব। একেদৰে চিৰাঙত ইংৰাজী, অসমীয়া, বড়ো, গণ সংযোগ আৰু ভূগোল বিষয়ত পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব । মাজুলীত ইংৰাজী, অসমীয়া, মনোবিজ্ঞান, গণসংযোগ আৰু ভূগোল বিষয় সন্নিবিষ্ট কৰা হৈছে। বাকী মহাবিদ্যালয়সমূহতো এনেধৰণৰ পাঁচটা বিষয়ত পাঠদানৰ সুবিধা থাকিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।