May 13, 2025 8:10 PM

views 46

ৰাজ্যৰ ২৩খন চাহ বাগিচা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ ২৩ খন চাহ বাগিচা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি ডিব্ৰুগড়ত সৰ্বাধিক ১১ খন, হাইলাকান্দিত দুখন, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, দৰং, গোলাঘাট, কাৰ্বি আংলং, লখিমপুৰ, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত এখনকৈ চাহ বাগিচা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বতে চাহ বাগিচা অঞ্চলসমূহত দশম শ্রেণী পর্যন্তহে অধ্যয়নৰ ব্যৱস্থা আছিল য...