ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

টাটা টেকন’লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

● দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টাটা টেকন’লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত দক্ষতা বিকাশ উন্নত কৰাৰ উদ্দেশ্যে টাটা টেকন’ল’জিৰ সহযোগত ৬১ খন পলিটেকনিক্ তথা আই টি আই প্রতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীত কৰা হৈছে। এইসমূহৰ ভিতৰত ৫ খন প্রতিষ্ঠান ইতিমধ্যে মুকলি কৰা হৈছে।

বৈঠকত বাকী থকা ৫৬ খন প্ৰতিষ্ঠানৰ প্ৰগতি পর্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে অহা ১৫ আগষ্টৰ পূৰ্বে ৬ খন পলিটেকনিক আৰু ১৭ খন আই টি আইকে ধৰি ২৩ খন প্রতিষ্ঠান মুকলি কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।