ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তামুলপুৰৰ বাঙালীপাৰাত একাংশ লোকৰ আক্ৰমণত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ চালকৰ মৃত্যু; দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চ’কত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত গাঁওবাসীৰ আক্ৰমণত অভিষেক দাস নামৰ এজন ২৩ বছৰীয়া যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত তামুলপুৰৰ জিলা দণ্ডাধীশে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে এই ঘটনা সম্পর্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত গোৰেশ্বৰৰ চক্র বিষয়া ত্রিলিনা টাইডক পুংখানুপুংখ তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে যোৱা ২০ আগষ্টৰ বিয়লিৰ ভাগত জিলাখনৰ কচুকাটা গাঁৱৰ অৱসৰপ্ৰাপ্ত সৈনিক দীপক দাসৰ একমাত্ৰ পুত্ৰ অভিষেক দাসে তেওঁৰ চাৰিজন বন্ধুৰ সৈতে তেওঁৰ নিজা গাড়ীৰে বগামাটিৰ পৰা উভতি অহাৰ সময়ত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন তিনিচুকীয়া বাহন আৰু পাছত এখন দোকানত খুন্দা মাৰে। এই ঘটনাৰ খবৰ পাই একাংশ লোক উপস্থিত হয় আৰু গাড়ীচালকৰ আসনত থকা অভিষেকক ওচৰৰ এঠাইলৈ টানি নি মাৰধৰ কৰে। উন্মত্ত লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত অভিষেকক আৰক্ষীয়ে চিকিৎসাৰ বাবে ৰঙিয়ালৈ আনে যদিও আদবাটতে যুৱকজনৰ মৃত্যু হয়। অভিষেক দাসৰ পিতৃয়ে এই ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ২০১৮ চনত কাৰ্বি আংলঙত অভি-নীল হত্যকাণ্ডৰ দুঃসহ স্মৃতি সোঁৱৰাই দিয়া এই ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।