June 5, 2025 9:46 PM June 5, 2025 9:46 PM
40
প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন
প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই বছৰৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে- প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক পেড় মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে জিলাসমূহৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়ত গছপুলি ৰোপণ কৰা হয় ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট পৰিৱেশন কৰাৰ লগতে গছপুলি ৰোপণ আৰু গছপুলি বিতৰণ কৰে। কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানসমূহত একোটাকৈ গছপুলি ৰোপণ কৰা হ...